উত্তৰঃ হ’ম’ হবিলিবোৰ বিলুপ্ত হোৱাৰ মূল কাৰণ হ’ল তেওঁলোকে সময়ৰ লগত খাপ খুৱাই তেওঁলোকৰ প্ৰযুক্তি কৌশল (উদাহৰণস্বৰূপে— হাত কুঠাৰ)সমূহৰ বিকাশ ঘটাব নোৱাৰিলে ৷ তদুপৰি তেওঁলোকৰ মগজুৱেও পৰিৱেশৰ লগত খাপ খুৱাব আৰু ক্ৰমবিকাশ ঘটাব নোৱাৰিলে। এইবোৰৰ উপৰি নতুনকৈ বিকাশ লাভ কৰা হ’ম’ ইৰেকটাছ্বোৰৰ লগত পদে পদে প্রতিযোগিতা কৰিব লগা হোৱাত হম’ হবিলিচ্ প্ৰজাতিটোৰ বিলুপ্তি ঘটিল।