🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 4 Assamese Book Chapter 11 | ব্ৰহ্মপুত্ৰ | MCQs Short Question Answer SCERT School |

Chapter 11

ব্ৰহ্মপুত্ৰ

১। অসমৰ প্ৰধান নদীখনৰ নাম কি 

(ক) ব্ৰহ্মপুত্ৰ

(খ) বৰাক

(গ) দিহিং

উত্তৰঃ (ক) ব্ৰহ্মপুত্ৰ

২। ব্ৰহ্মপুত্ৰ নদীখন ক’ৰ পৰা ওলাইছে ?

(ক) শদিয়াৰ পৰা

(খ) হিমালয়ৰ পৰ্বতৰ মানাস সৰোবৰৰ পৰা

(গ) ধুবুৰীৰ পৰা

উত্তৰঃ (খ) হিমালয়ৰ পৰ্বতৰ মানাস সৰোবৰৰ পৰা

৩। অসমত ব্ৰহ্মপুত্ৰ নদীক আমি আন কি নামেৰে জানো ?

(ক) মহাবাহু

(খ) নদ

(গ) লুইত

উত্তৰঃ (গ) লুইত

৪। পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী-দ্বীপটোৰ নাম কি ?

(ক) মাজুলী

(খ) উমানন্দ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) মাজুলী

৫। মাছমৰীয়াই কি কৰি জীৱিকা নিৰ্বাহ কৰে ?

(ক) নাও চলায়

(খ) মাছ মাৰি

(গ) নৈৰ ঘাট ৰখিয়া

উত্তৰঃ (খ) মাছ মাৰি

৬। জুই লাগিলে নুমুৱাত কোনে সহায় কৰে ?

(ক) আৰক্ষীয়ে

(খ) নাৱৰীয়াই

(গ) অগ্নিনিৰ্বাপক বাহিনীয়ে

উত্তৰঃ (গ) অগ্নিনিৰ্বাপক বাহিনীয়ে

৭। ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গঢ়ি উঠা তিনিখন নগৰৰ নাম কি ?

(ক) গুৱাহাটী, তেজপুৰ, ধুবুৰী

(খ) নগাওঁ, মৰিগাওঁ, জাগীৰোড

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) গুৱাহাটী, তেজপুৰ, ধুবুৰী

৮। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা দলং তিনিখনৰ নাম কি ?

(ক) বগীবিল দলং, ধলা শদিয়া দলং, মহাত্মা গান্ধী সেতু

(খ) শৰাইঘাট দলং, কলীয়াভোমোৰা দলং, নৰনাৰায়ণ সেতু

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) শৰাইঘাট দলং, কলীয়াভোমোৰা দলং, নৰনাৰায়ণ সেতু

৯। কোনোবা পানীত ডুবিলে কোনে উদ্ধাৰ কৰে ?

(ক) ডাক্তৰ

(খ) নাৱৰীয়া

(গ) ডুবাৰু

উত্তৰঃ (গ) ডুবাৰু

১০। মহলদাৰে কি কৰি জীৱিকা নিৰ্বাহ কৰে ?

(ক) মহল বা খণ্ডৰ কৰ-কাটল কৰি

(খ) মাছ মাৰি

(গ) নদীত ফেৰী চলায়

উত্তৰঃ (ক) মহল বা খণ্ডৰ কৰ-কাটল কৰি

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop