🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!
🎉 Welcome to Shop.MightLearn.com   |   🔖 Combo Offers Available   |   📚 Trusted by 10,000+ Students   |   ✨ New Stock Just Arrived!

Class 9 বৈচিত্ৰ্য়ময় অসম SEBA | Chapter 2 | কাছাৰৰ জনগোষ্ঠীসকল | MCQs Short Question Answer |

Chapter 2

কাছাৰৰ জনগোষ্ঠীসকল

১। কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ এই জিলা তিনিখনৰ মাজেদি প্ৰবাহিত হৈ যোৱা নৈখনৰ নাম কি ?

(ক) ব্ৰহ্মপুত্ৰ

(খ) বৰাক

(গ) কপিলী

উত্তৰঃ (খ) বৰাক

২। নৃতত্ত্ববিদসকলে বৰাক উপত্য়কাক Anthropological garden অৰ্থাৎ নৃতত্ত্বৰ বাগিছা বুলি কিয় অভিহিত কৰিছে ?

(ক) বেলেগ বেলেগ ভাষা আৰু সংস্কতিৰ মানুহৰ সহাবস্থানৰ বাবে

(খ) জিলা কেইখনৰ মানুহবোৰৰ মন ভাল কাৰণে

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) বেলেগ বেলেগ ভাষা আৰু সংস্কতিৰ মানুহৰ সহাবস্থানৰ বাবে

৩। কিহৰ কাৰণে ঈদ-উল-ফিতৰ উৎসৱৰ সময় প্ৰতি বছৰে সলনি হয় ?

(ক) বছৰ সলনি হোৱাৰ বাবে

(খ) চান্দ্ৰমাহ অনুসৰি ইছলাম ধৰ্মৰ বৰ্ষগণনাৰ বাবে

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) চান্দ্ৰমাহ অনুসৰি ইছলাম ধৰ্মৰ বৰ্ষগণনাৰ বাবে

৪। খ্ৰীষ্টান ধৰ্মালম্বীসকলৰ প্ৰধান উৎসৱ বৰদিন কিমান তাৰিখে পালন কৰা হয় ?

(ক) ২ অক্টোবৰ

(খ) ১৫ আগষ্ট

(গ) ২৫ ডিচেম্বৰ

উত্তৰঃ (গ) ২৫ ডিচেম্বৰ

৫। অসম ফুটবল সংস্থা কেতিয়া গঠিত হৈছিল ?

(ক) ১৯৪৬ চনত

(খ) ১৯৫৭ চনত

(গ) ১৯৩৮ চনত

উত্তৰঃ (ক) ১৯৪৬ চনত

৬। মহিলা সমাজৰ উন্নয়নৰ কাৰণে আজীৱন গঠনমূলক কামত কোন ব্ৰতী হৈ আছিল ?

(ক) নলিনী বালা দেৱী

(খ) মালতী শ্য়াম

(গ) কল্পনা চাওলা

উত্তৰঃ (খ) মালতী শ্য়াম

৭। ৰাজমন্ত্ৰী বংশৰ কোন সমাজসেৱক আছিল ?

(ক) নলিনীন্দ্ৰ বৰ্মণ

(খ) অনিল কুমাৰ বৰ্মণ

(গ) নন্দলাল বৰ্মণ

উত্তৰঃ (ক) নলিনীন্দ্ৰ বৰ্মণ

৮। অনিল কুমাৰ বৰ্মণে ‘ডিমাছা ছাত্ৰ সমিতি’ কিমান চনত  গঠন কৰিছিল ?

(ক) ১৯৬৬ চনত

(খ) ১৯৪২ চনত

(গ) ১৯৫৮ চনত

উত্তৰঃ (খ) ১৯৪২ চনত

৯। মণিপুৰি সমাজত প্ৰথম অৰ্থনীতি বিজ্ঞানৰ ষান্মাষিক স্নাতক কোন আছিল ?

(ক) জগত মোহন সিংহ

(খ) বিপিন সিংহ

(গ) ইৰুংবম চন্দ্ৰ সিংহ

উত্তৰঃ (গ) ইৰুংবম চন্দ্ৰ সিংহ

১০। বিপিন সিংহক কিমান চনত অকাডেমী বঁটা প্ৰদান কৰিছিল ?

(ক) ১৯৬৬ চনত

(খ) ১৯০১ চনত

(গ) ১৯৫১ চনত

উত্তৰঃ (ক) ১৯৬৬ চনত

Shopping Basket
0
    0
    Your Cart
    Your cart is emptyReturn to Shop