Class 11 Political Science Book Chapter 4 Short Answer | HS 1st Year Political Science Book সামাজিক ন্য়ায় Chapter 4 Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

চতুৰ্থ অধ্যায়

সামাজিক ন্যায়

চমু প্ৰশ্ন উত্তৰঃ

১) ন্য়ায় শব্দটো ক’ৰ পৰা উৎপত্তি হৈছে?

উত্তৰঃ ন্য়ায় শব্দটো গ্ৰীক শব্দ ‘Dikaiosume’ -ৰ পৰা উৎপত্তি হৈছে।

২) এৰিষ্ট’টলৰ মতে ন্য়ায় কি?

উত্তৰঃ এৰিষ্ট’টলৰ মতে ন্যায় হৈছে – সমাজৰ প্ৰতি অৰিহণাৰ ভিত্তিত মানুহৰ স্থান নিৰ্ণয় কৰাই হৈছে ন্য়ায়।

৩) বৰ্তমান যুগত ন্য়ায়ৰ সংকল্পনাক কেইটা ভাগত আলোচনা কৰিব পাৰি?

উত্তৰঃ বৰ্তমান যুগত ন্য়ায়ৰ সংকল্পনাক পাঁচটা ভাগত আলোচনা কৰিব পাৰি।

৪) কিমান চনত ভাৰতবৰ্ষত বজাৰ অৰ্থনীতি সূচনা কৰা হয়?

উত্তৰঃ ১৯৯১ চনত ভাৰতবৰ্ষত বজাৰ অৰ্থনীতি সূচন কৰা হয়।

৫) গণতান্ত্ৰিক ৰাজনীতিৰ মূল বৈশিষ্ট্য় কি

উত্তৰঃ বিতৰ্ক আৰু মতানৈক্য় গণতান্ত্ৰিক ৰাজনীতিৰ মূল বৈশিষ্ট্য়।

৬) ভাৰতীয় সংবিধানে সমতাৰ অধিকাৰক কি হিচাবে স্বীকৃতি দিছে?

উত্তৰঃ ভাৰতীয় সংবিধানে সমতাৰ অধিকাৰক মৌলিক অধিকাৰ হিচাবে স্বীকৃতি দিছে।

৭) প্লেটোৰ মতে ন্য়ায় কি?

উত্তৰঃ প্লেটোৰ মতে মানুহৰ গুণ বা সাৰ্মথ্য় অনুসাৰে কৰ্ম বিভাজনৰ নীতিয়েই হ’ল ন্য়ায়।

৮) প্লেটোই ন্য়ায়ৰ সংকল্পনাক কেইটা আৰু কি কি ভাগত ভাগ কৰিছে?

উত্তৰঃ প্লেটোই ন্য়ায়ৰ সংকল্পনাক সামাজিক আৰু ব্য়ক্তিগত এই দুটা ভাগত ভাগ কৰিছে।

৯) বহল অৰ্থত ন্য়ায়ৰ ধাৰণাক কি বুলি ক’ব নোৱাৰি?

উত্তৰঃ বহল অৰ্থত ন্য়ায়ৰ ধাৰণাক স্থিতিশীল বুলি ক’ব নোৱাৰি।

১০) আইনৰ প্ৰধান উদ্দেশ্য় কি?

উত্তৰঃ আইনৰ প্ৰধান উদ্দেশ্য় হ’ল সমাজৰ সকলো লোককে ন্য়ায় প্ৰদান কৰা।

১১) আইন আৰু ন্য়ায়ৰ মাজৰ কেনেকুৱা সম্পৰ্ক আছে?

উত্তৰঃ আইন আৰু ন্য়ায়ৰ মাজত নিবিড় সম্পৰ্ক আছে।

১২) A Theory Of Justice এই গ্ৰন্থখনৰ লিখক কোন?

উত্তৰঃ জন্ ৰাউলস্।

১৩) সামাজিক ন্য়ায়ৰ অৰ্থ কি?

উত্তৰঃ সামাজিক ন্য়ায়ৰ অৰ্থ হ’ল এই গোটেই পৰিস্থিতিৰ অৱসান ঘটাই সকলোৰে বাবে জীয়াই থকা মৌলিক সুবিধাখিনি প্ৰদান কৰা।

১৪) প্ৰকৃতিগতভাৱে মানুহ কেনেকুৱা প্ৰাণী?

উত্তৰঃ প্ৰকৃতিগতভাৱে মানুহ সমাজপ্ৰিয় প্ৰাণী।

১৫) আইন ৰচনাৰ প্ৰাথমিক উদ্দেশ্য় কি?

উত্তৰঃ আইন ৰচনাৰ প্ৰাথমিক উদ্দেশ্য় সমাজত ন্য়ায় প্ৰতিষ্ঠা কৰা।

১৬) মহাভাৰতত বৰ্ণিত কুৰুক্ষেত্ৰ ৰণক কি নামেৰে জনা যায়?

উত্তৰঃ মহাভাৰতত বৰ্ণিত কুৰুক্ষেত্ৰ ৰণক ন্য়ায় প্ৰতিষ্ঠাৰ ৰণ নামে জনা যায়।

১৭) পুৰণি ভাৰতীয় সংস্কৃতিত ন্য়ায়ৰ ধাৰণাটোক কি বুলি কোৱা হৈছিল?

উত্তৰঃ পুৰণি ভাৰতীয় সংস্কৃতিত ন্য়ায়ৰ ধাৰণাটোক ধৰ্ম বুলি কোৱা হৈছিল।

১৮) আইন কি?

উত্তৰঃ আইন হ’ল ৰাষ্ট্ৰৰ সৰ্বোচ্চ কৰ্তৃপক্ষই প্ৰণয়ন কৰা কিছুমান সুশৃংখল নীতি-নিয়ম।

১৯) কাৰ মতানুসাৰে- “যাৰ যি প্ৰাপ্য় সেইখিনি দিয়াই হৈছে ন্য়ায়”?

উত্তৰঃ পোৰ্লেমাৰ্কাছৰ মতানুসাৰে।

২০) ৰাজনৈতিক ন্য়ায়ে বুজোৱা ব্য়ৱস্থা এটাৰ নাম উল্লেখ কৰা।

উত্তৰঃ জাতি-বৰ্ণ-ধৰ্ম-ভাষা নিৰ্বিশেষে প্ৰাপ্তবয়স্ক সকলো নাগৰিকৰে ভোটাধিকাৰ থাকিব লাগে।

২১) ভাৰতীয় সংস্কৃতিৰ অন্য়তম দিশ এটাৰ নাম লিখা।

উত্তৰঃ ন্য়ায়-অন্য়ায়ৰ আলোচনা ভাৰতীয় সংস্কৃতিৰ এটা অন্য়তম দিশ।

২২) ন্য়ায়ৰ ধাৰণাৰ লগত কি জড়িত হৈ থাকে?

উত্তৰঃ সমাজ ব্য়ৱস্থাৰ নৈতিকতা, ধৰ্ম, সম্পত্তি, স্বতন্ত্ৰতা, অৰ্থনৈতিক অৱস্থা, আইন, ৰীতি-নীতি আদি ভালেমান বিষয় জড়িত হৈ থাকে।

২৩) এৰিষ্ট’টলৰ ন্য়ায়ৰ সংকল্পনাক কেইটা আৰু কি কি ভাগত ভাগ কৰিছে?

উত্তৰঃ এৰিষ্ট’টলৰ ন্য়ায়ৰ সংকল্পনাক বিতৰণমূলক ন্য়ায় আৰু সংশোধনমূলক ন্য়ায় এই দুটা ভাগত ভাগ কৰিছে।

২৪) আইনৰ ন্য়ায়সঙ্গত আৰু নিৰপেক্ষ প্ৰয়োগেৰে কি কৰিব পাৰি?

উত্তৰঃ সমাজত ন্য়ায় প্ৰতিষ্ঠা কৰিব পাৰি।

২৫) প্ৰাকৃতিক ন্য়ায় বুলি কাক ক’ব পাৰি?

উত্তৰঃ মানুহৰ প্ৰকৃতিগত স্বভাৱ আৰু আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত ন্য়ায়কে প্ৰাকৃতিক ন্য়ায় বুলি ক’ব পাৰি।

২৬) আইন কোনে ৰচনা কৰে?

উত্তৰঃ আইন ৰাজনৈতিক কৰ্তৃপক্ষই ৰচনা কৰে।

২৭) ন্য়ায়ৰ অৰ্থ কি?

উত্তৰঃ ন্য়ায়ৰ অৰ্থ হ’ল- সকলো প্ৰকাৰৰ দোষৰ শাস্তি প্ৰদান কৰি শন্তি আৰু সমতাক ৰক্ষা কৰা।

২৮) প্ৰাচীন কালত ন্য়ায়ক কেনেকৈ বিচাৰ কৰি চোৱা হৈছিল?

উত্তৰঃ প্ৰাচীন কালত ন্য়ায়ক সামাজিক আৰু নৈতিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰি চোৱা হৈছিল।

২৯) বৈধিক ন্য়ায় বুলি কাক ক’ব পাৰি?

উত্তৰঃ প্ৰচলিত বিধি-বিধানৰ জৰিয়তে জনসাধাৰণৰ মাজত সৃষ্টি হোৱা বাদ-বিবাদক মীমাংসা কৰি দোষীক দোষৰ উপযুক্ত শাস্তি বিধান কৰাব্য়ৱস্থাকে বৈধিক ন্য়ায় বুলিব পাৰি।

৩০) “আইনৰ তৎকালীন উদ্দেশ্য় হৈছে ন্য়ায় লাভ কৰা”- কাৰ মতানুসাৰে?

উত্তৰঃ অধ্য়াপক বেন্থামৰ মতানুসাৰে।

৩১) “ন্য়ায়ৰ তত্ত্ব” আলোচনা কৰিবলৈ গৈ জন্ ৰাউলসে কিহৰ আশ্ৰয় লৈছিল?

উত্তৰঃ কাল্পনিক চিন্তাৰ আশ্ৰয় লৈছিল।

৩২) কেনেকুৱা সমাজ ৰাজনৈতিক ন্য়ায়ৰ ভিত্তিত প্ৰতিষ্ঠিত বুলি ক’ব পাৰি?

উত্তৰঃ যি সমাজত সকলো শ্ৰেণীৰ লোকে ৰাজনীতিত অংশগ্ৰহণৰ সুবিধা পায়, সেই সমাজ ৰাজনৈতিক ন্য়ায়ৰ ভিত্তিত প্ৰতিষ্ঠিত বুলি ক’ব পাৰি।

৩৩) কাৰ অবিহনে ৰাজনৈতিক ন্য়ায় বা সামাজিক ন্য়ায় তাৎপৰ্যহীন নহয়?

উত্তৰঃ অৰ্থনৈতিক ন্য়ায় অবিহনে।

৩৪) ‘গণৰাজ্য়’ নামৰ গ্ৰন্থখন কাৰ?

উত্তৰঃ ‘গণৰাজ্য়’ নামৰ গ্ৰন্থখন প্ৰাচীনকালৰ গ্ৰীক দাৰ্শনিক প্লেটোৰ।

৩৫) ভাৰত চৰকাৰে কিমান চনত “মানৱ অধিকাৰ সাৰ্বজনীন ষোষণা-পত্ৰ ঘোষণা” কৰিছিল?

উত্তৰঃ ১৯৪৮ চনত।

৩৬) ৰাষ্ট্ৰৰ লক্ষ্য়সমূহৰ ভিতৰত ন্য়ায়ে কেনেকুৱা স্থান অধিকাৰ কৰি আছে?

উত্তৰঃ এক উচ্চস্থান অধিকাৰ কৰি আছে।

৩৭) প্লেটোৱে মানুহৰহ মনক কি কি ভাগত ভাগ কৰিছে?

উত্তৰঃ প্লেটোৱে মানুহৰ মনক ভোগৰ প্ৰকৃতি, সাহস আৰু চিন্তা এই তিনিটা ভাগত ভাগ কৰিছে।

৩৮) চৰকাৰৰ বৈধতাৰ ভেঁটি বুলি কাক কোৱা হয়?

উত্তৰঃ ন্য়ায়কেই চৰকাৰৰ বৈধতাৰ ভেঁটি বুলি কোৱা হয়।

৩৯) কেনেকুৱা দেশৰ সমাজ সামাজিক ন্য়ায়ৰ ভিত্তিত প্ৰতিষ্ঠিত নহয়?

উত্তৰঃ যিবোৰ দেশত বৰ্ণবৈষম্য়ৰ ব্য়ৱস্থা আছে সেই দেশৰ সমাজ সামাজিক ন্য়ায়ৰ ভিত্তিত প্ৰতিষ্ঠিত নহয়।

৪০) “স্বাধীনতা আৰু সমতাৰ মাজত সমন্বয় ৰক্ষা কৰা যি ব্য়ৱস্থা গ্ৰহণ কৰা হয় সেয়াই ন্য়ায়”- কাৰ মতানুসাৰে?

উত্তৰঃ কান্টৰ মতানুসাৰে।

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping