Class 11 Political Science Book Chapter 6 Short Answer | HS 1st Year Political Science Book নাগৰিকতা Chapter 6 Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

ষষ্ঠ অধ্যায়

নাগৰিকতা

চমু প্ৰশ্ন উত্তৰঃ

১) ৰাষ্ট্ৰৰ প্ৰধান উদ্দেশ্য় কি?

উত্তৰঃ ৰাষ্ট্ৰন প্ৰধান উদ্দেশ্য় হ’ল নাগৰিকসকলৰ কল্য়াণ সাধন কৰা।

২) নাগৰিক শব্দটোৰ উপত্তি ক’ৰ পৰা হৈছে?

উত্তৰঃ নগৰ শব্দটোৰ পৰা নাগৰিক শব্দটোৰ উৎপত্তি হৈছে।

৩) কেইটা পদ্ধতিৰে নাগৰিকত্ব লাভ কৰিব পাৰি?

উত্তৰঃ দুটা পদ্ধতিৰে নাগৰিকত্ব লাভ কৰিব পাৰি।

৪) জন্ম দ্বাৰা নাগৰিকত্ব লাভ কৰা নীতিক কেইটা ভাগত ভাগ কৰিব পাৰি?

উত্তৰঃ জন্মৰ দ্বাৰা নাগৰিকত্ব লাভ কৰা নীতিক দুটা ভাগত ভাগ কৰিব পাৰি।

৫) ভোটাৰ কাক বোলে?

উত্তৰঃ যিজন নাগৰিকে নিৰ্বাচনত প্ৰতিনিধি নিৰ্বাচনৰ ভোট দিয়াৰ অধিকাৰ পায় তাকে ভোটাৰ বোলে।

৬) নাগৰিক কি?

উত্তৰঃ নাগৰিক হ’ল ৰাষ্ট্ৰৰ স্থায়ী বাসিন্দা।

৭) এখন ৰাষ্ট্ৰৰত বসবাস কৰা মানুহবিলাক কেইটা ভাগত ভগাব পাৰি?

উত্তৰঃ এখন ৰাষ্ট্ৰত বসবাস কৰা মানুহবিলাকক দুটা ভাগত ভগাব পাৰি।

৮) বিদেশী কাক বোলে?

উত্তৰঃ যিবিলাক মানুহ কোনো এখন দেশত আন এখন দেশৰপৰা আহি অস্থায়ীভাৱে বাস কৰে সিবিলাকক বিদেশী বোলা হয়।

৯) বুদ্ধিমত্তা কি?

উত্তৰঃ বুদ্ধিমত্তা হ’ল বিচাৰ-বুদ্ধিৰ ক্ষমতা।

১০) আইনৰ দ্বাৰা স্বীকৃত সকলো অধিকাৰৰ ভিত্তি কি?

উত্তৰঃ অৰ্থনৈতিক অধিকাৰ।

১১) ৰাজনৈতিক অধিকাৰ বুলিলে কি বুজা যায়?

উত্তৰঃ সেইবিলাক সুযোগ-সুবিধাক বুজায় যিবিলাকৰ জৰিয়তে জনসাধাৰণে দেশৰ ৰাজনৈতিক কাৰ্যাৱলীত অংশগ্ৰহণ কৰিব পাৰে।

১২) বৰ্তমান যুগত সৰ্বপ্ৰধান অৰ্থনৈতিক অধিকাৰটো কি?

উত্তৰঃ কাম কৰাৰ অধিকাৰ।

১৩) নাগৰিকসকলৰ পালন কৰিবলগীয়া দায়িত্বক কি হিচাপে  অভিহিত কৰা হয়?

উত্তৰঃ নাগৰিকসকলৰ পালন কৰিবলগীয়া দায়িত্বক কৰ্তব্য় হিচাপে অভিহিত কৰা হয়।

১৪) নাগৰিকৰ কৰ্তব্য়ক কেইটা দিশৰ পৰা বিচাৰ কৰিব পাৰি?

উত্তৰঃ নাগৰিকৰ কৰ্তব্য়ক তিনিটা দিশৰ পৰা বিচাৰ কৰিব পাৰি।

১৫) কৰ্তব্য়ক প্ৰথমে কেইটা আৰু কি কি ভাগত ভগাব পাৰি?

উত্তৰঃ কৰ্তব্য়ক প্ৰথমতে (ক) আইনগত কৰ্তব্য় আৰু (খ) নৈতিক কৰ্তব্য় এই দুটা ভাগত ভগাব পাৰি।

১৬) অধিকাৰৰ মাজত কি নিহিত হৈ আছে?

উত্তৰঃ অধিকাৰৰ মাজত কৰ্তব্য় নিহিত হৈ আছে।

১৭) ৰাষ্ট্ৰ কাক লৈ গঠিত হয়?

উত্তৰঃ ৰাষ্ট্ৰ নাগৰিকসকলকলৈ গঠিত হয়।

১৮) সুনাগৰিক হ’বৰ কাৰণে অন্য়তম গুণ কি?

উত্তৰঃ আত্মসংযম।

১৯) পৌৰ অধিকাৰ মানুহে কেনেকৈ ভোগ কৰে?

উত্তৰঃ পৌৰ অধিকাৰ মানুহে ব্য়ক্তি হিচাপে ভোগ কৰে।

২০) নাগৰিকতাৰ বিভিন্ন ব্য়ৱস্থাসমূহ ক’ত সন্নিৱিষ্ট কৰা হৈছে?

উত্তৰঃ নাগৰিকতা বিভিন্ন ব্য়ৱস্থাসমূহ আমাৰ সংবিধানৰ দ্বিতীয় অংশত সন্নিৱিষ্ট কৰা হৈছে।

২১) নাগৰিকত্ব লাভ কৰিব পৰা পদ্ধতি দুটাৰ নাম লিখা।

উত্তৰঃ নাগৰিকত্ব লাভ কৰিব পৰা পদ্ধতি দুটাৰ নাম হ’ল (1) জন্মসূত্ৰৰ দ্বাৰা আৰু (ii) দেশীয়কৰণৰ দ্বাৰা।

২২) ৰাষ্ট্ৰ এখনৰ উন্নতি, বিকাশ, মৰ্যাদা আৰু স্থান কাৰ ওপৰত নিৰ্ভৰশীল?

উত্তৰঃ ৰাষ্ট্ৰ এখনৰ উন্নতি, বিকাশ, মৰ্যাদা আৰু স্থান সেই ৰাষ্ট্ৰৰ নাগৰিকসকলৰ ওপৰত নিৰ্ভৰশীল।

২৩) ়সুনাগৰিকতাৰ দুটা প্ৰতিবন্ধকতাৰ নাম লিখা।

উত্তৰঃ সুনাগৰিকতাৰ দুটা প্ৰতিবন্ধকতাৰ নাম হ’ল নিৰক্ষৰতা আৰু দৰিদ্ৰতা।

২৪) ব্য়ক্তিগত স্বাধীনতাৰ অধিকাৰে কৰে?

উত্তৰঃ কোনো ব্যক্তিৰ প্ৰতি কোনোধৰণৰ শাৰীৰিক বাধা-বিপত্তি আৰু বলপ্ৰয়োগ কৰাত বাধা দিয়ে।

২৫) এৰিষ্ট’টলৰ মতে পৰিয়াল গঠনৰ অধিকাৰ কি?

উত্তৰঃ মানুহৰ বাবে এটি প্ৰয়োজনীয় অধিকাৰ।

২৬) ৰাষ্ট্ৰৰ বিৰোধিতা কৰা অধিকাৰৰ দ্বাৰা কি কৰিব পাৰি?

উত্তৰঃ বৈধভাৱে ৰাষ্ট্ৰীয় শক্তিৰ ভাৰসাম্য়ক পৰিৱৰ্তনৰ চেষ্টা কৰিব পাৰি।

২৭) সচৰাচৰ ৰাষ্ট্ৰৰ ভেঁটি বা বুনিয়াদ বুলি কাক কোৱা হয়?

উত্তৰঃ অধিকাৰবোৰক সচৰাচৰ ৰাষ্ট্ৰৰ ভেঁটি বা বুনিয়াদ বুলি কোৱা হয়।

২৮) নৈতিক কৰ্তব্য় কি?

উত্তৰঃ নৈতিক কৰ্তব্য় হ’ল সেইবিলাক দায়িত্ব যিবিলাক সমাজৰ নৈতিকবোধৰ ওপৰত নিৰ্ভৰশীল।

২৯) কৰ্তব্য়ৰ আৰম্ভ ক’ৰ পৰা হৈছে?

উত্তৰঃ মানুহৰ সামাজিক প্ৰকৃতিৰ পৰাই কৰ্তব্য়ৰ আৰম্ভ হৈছে।

৩০) কেতিয়াৰ পৰা নাগৰিকতাৰ ধাৰণাটোৱে নতুন ধৰণৰ ৰূপ গ্ৰহণ কৰা দেখা গৈছে?

উত্তৰঃ ১৯৭০-ৰ দশকৰ পৰা নাগৰিকতাৰ ধাৰণাটোৱে নতুন ধৰণৰ ৰূপ গ্ৰহণ কৰা দেখা গৈছে।

৩১) কেতিয়া ইউৰোপত জাতীয় ৰাষ্ট্ৰই বাস্তৱ তথা স্বীকৃত ৰূপ ল’বলৈ আৰম্ভ কৰিছিল?

উত্তৰঃ ওঠৰ শতিকাৰ শেষৰ ফালে।

৩২) কেতিয়া ইউৰোপত জাতীয় আকংক্ষা পূৰণৰ বাবে ৫০খনৰো অধিক যুদ্ধ সংঘটিত হৈছিল?

উত্তৰঃ ১৭৮৯-১৯১৪ চনৰ সময়ছোৱাত।

৩৩) উদাসীনতা মানে কি?

উত্তৰঃ উদাসীনতা মানে হ’ল কৰ্তব্য়বোধৰ অভাৱ। 

৩৪)  লাস্কিৰ মতে অৰ্থনৈতিক অধিকাৰ কি?

উত্তৰঃ লাস্কিৰ মতে অৰ্থনৈতিক অধিকাৰ হ’ল- “দৈনিক খাদ্য়-সস্থানৰ বাবে যুক্তিসংগত অৰ্থ সংগ্ৰহ কৰাৰ সুযোগ”।

৩৫) সকলোৰে কৰ্তব্য় কি?

উত্তৰঃ সকলোৰে কৰ্তব্য় হ’ল সমাজবিৰোধী কাৰ্য-কলাপৰ পৰা বিৰত থাকা।

৩৬) ৰাষ্ট্ৰ আৰু নাগৰিক দুয়ো ক’ত আবদ্ধ হৈ আছে?

উত্তৰঃ ৰাষ্ট্ৰ আৰু নাগৰিক দুয়ো অধিকাৰ আৰু কৰ্তব্য়ৰ বান্ধোনত আবদ্ধ হৈ আছে।

৩৭) গণতান্ত্ৰিক অধিকাৰৰ অন্য়তম বৈশিষ্ট্য় কি?

উত্তৰঃ সমতা আৰু বৈষম্য়হীনতা গণতান্ত্ৰিক অধিকাৰৰ অন্য়তম বৈশিষ্ট্য়।

৩৮) ৰাষ্ট্ৰৰ কৰ্তব্য় কি?

উত্তৰঃ ৰাষ্ট্ৰৰ কৰ্তব্য় হ’ল নাগৰিকৰ পূৰ্ণ বিকাশক সুনিশ্চিত কৰা।

৩৯) দেশীয়কৰণ পদ্ধতি বুলি কাক কোৱা হয়?

উত্তৰঃ জন্মস্বত্ব সূত্ৰৰ বাহিৰে আন উপায়েৰে নাগৰিকতা লাভ কৰিলে তাক দেশীয়কৰণ পদ্ধতি বুলি কোৱা হয়।

৪০) ৰাষ্ট্ৰৰ ভৱিষ্য় কাৰ ওপৰত বুলি ক’ব পাৰি?

উত্তৰঃ ৰাষ্ট্ৰৰ ভৱিষ্য়ৎ নাগৰিকসকলৰ ওপৰত বুলি ক’ব পাৰি।

৪১) এজন কৰ্তব্য়পৰায়ণ ব্য়ক্তি কিহৰ প্ৰতি সচেতন থাকে?

উত্তৰঃ এজন কৰ্তব্য়পৰায়ণ ব্য়ক্তি নিজৰ দায়িত্ব আৰু কৰ্তব্য়ৰ প্ৰতি সচেতন থাকে।

৪২) নাগৰিকৰ দেশপ্ৰেম নাথাকিলে ৰাষ্ট্ৰই কি কৰিব নোৱাৰে?

উত্তৰঃ নাগৰিকৰ দেশপ্ৰেম নাথাকিলে ৰাষ্ট্ৰই বিশ্বৰ দৰবাৰত মূৰ দাঙি থিয় দিব নোৱাৰে।

৪৩) সংকীৰ্ণ আঞ্চলিকতাবাদে কি কৰে?

উত্তৰঃ সংকীৰ্ণ আঞ্চলিকতাবাদে সুনাগৰিকতা অৰ্জনৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে।

৪৪) মানুহৰ এটি অন্য়তম ব্য়ক্তিগত অধিকাৰৰ নাম লিখা।

উত্তৰঃ চিন্তা আৰু মতামতৰ অধিকাৰ।

৪৫) নাগৰিকসকলে ৰাষ্ট্ৰীয় আইন মানি নচলিলে কি হয়?

উত্তৰঃ নাগৰিকসকলে ৰাষ্ট্ৰীয় আইন মানি নচলিলে ৰাষ্ট্ৰত অৰাজকতাই দেখা দিয়ে।

৪৬) ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কি?

উত্তৰঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী হ’ল ভাৰতবৰ্ষৰ সকলো নাগৰিকৰ বিষয়ে সবিশেষ তথ্য় সন্নিৱিষ্ট এক পঞ্জী। 

৪৭) আইনগত অধিকাৰৰ ভিতৰত অন্য়তম অধিকাৰটো কি?

উত্তৰঃ ৰাজনৈতিক অধিকাৰ।

৪৮) “সুখী হ’বৰ কাৰণে জিৰণি অত্য়াৱশ্য়ক” কাৰ মতানুসাৰে?

উত্তৰঃ “সুখী হ’বৰ কাৰণে জিৰণিৰ অত্য়াৱশ্য়ক” এৰিষ্ট’টলৰ মতে।

৪৯) নাগৰিকত্বৰ জৰিয়তে কি কৰা হয়?

উত্তৰঃ নাগৰিকত্বৰ জৰিয়তে সকলোকে সম অধিকাৰ প্ৰদান কৰা হয়।

৫০) কিমান চনত ভাৰতবৰ্ষত পোন প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰা হৈছিল?

উত্তৰঃ ১৯৫১ চনত।

Shopping cart

0
image/svg+xml

No products in the cart.

Continue Shopping